August 7, 2026 12:12 PM
12
ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা মধ্যম দূৰত্বভেদি বেলিষ্টিক ক্ষেপনাস্ত্র অগ্নি-ফ’ৰৰ পৰীক্ষা সম্পন্ন
ভাৰতে ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা মধ্যম দূৰত্বভেদি বেলিষ্টিক ক্ষেপনাস্ত্র অগ্নি-ফ'ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই পৰীক্ষাৰ জৰিয়তে ক্ষেপনাস্ত্ৰবিধৰ পৰিচালন আৰু কাৰিকৰী মান নিশ্চিত হৈছে। কৌশলগত সামৰিক বাহিনী কামাণ্ডাৰ অধীনত এই পৰীক্ষণ সম্পন্ন কৰা বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। মন্ত্ৰালয়ে লগতে এই সফল পৰীক্ষণ দেশৰ সামৰিক প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত অন্য এটা মাইলৰ খুটি বুলি অভিহিত কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই অভিযান আৰু সাফল্...