November 14, 2024 9:36 AM

views 51

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেটৰ চাৰিখনীয়া শৃংখলাৰ তৃতীয়খন খেলত দক্ষিণ আফ্ৰিকা ১১ৰাণত পৰাজিত

দক্ষিণ আফ্ৰিকাৰ ছুপাৰস্প'ৰ্ট উদ্যানত অনুষ্ঠিত টি টুৱেন্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট প্রতিযোগীতাৰ চাৰিখনীয়া শৃংখলাৰ তৃতীয়খন খেলত কালি নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ১১ৰাণত পৰাজিত কৰে। ভাৰতে এই জয়ৰ পাছত চাৰিখনীয়া শৃংখলাত ২-১ ফলাফলত অগ্রগতি লাভ কৰিছে। খেলখনত ভাৰতে ২২০ ৰানৰ বিজয় লক্ষ্য বান্ধি দিছিল। ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত বিশ অভাৰত ৭ উইকেটৰ বিনিময়ত ২০৮ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে আয়োজক দলটোৱে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰথমে বেট ধৰি ভাৰত...

November 10, 2024 12:08 PM

views 53

এবেখাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি এবেখাত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮-৩০ বজাত অনুষ্ঠিত হ'ব। ভাৰতে শুকুৰবাৰে অনুষ্ঠিত প্ৰথমখন খেলত ৬১ ৰানত জয়লাভ কৰি শৃংখলাত ১-০ ফলাফলত আগবাঢ়ি আছে। শৃংখলাৰ তৃতীয়খন খেল বুধবাৰে চেঞ্চুৰিয়ানত আৰু চতুৰ্থ তথা অন্তিমখন খেল শুকুৰবাৰে জোহান্সবার্গত অনুষ্ঠিত হ'ব।

June 23, 2024 12:12 PM

views 98

বেংগালুৰুত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্রিকেট দলৰ মাজৰ চলিত এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি বিয়লি বেংগালুৰুৰ এম ছিন্নাস্বামী ষ্টেডিমায়ত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটোৱে আজিৰ খেলখনত জয় লাভ কৰি শৃংখলাৰ আটাইকেইখন খেলতে বিজয়ী হোৱাৰ গৌৰৱ অৰ্জনৰ বাবে চেষ্টা চলাব। ভাৰতে শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ১৪৩ ৰানত পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত ৪ ৰানৰ ব্যৱধানত জয়লাভ কৰিবলৈ সমৰ্থ হৈছে।