May 8, 2025 8:26 PM

views 41

বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ চৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রীৰ

চৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী আদেল আল জুবেইৰে আজি পুৱা নতুন দিল্লীত বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰে। তেওঁলোকৰ মাজত অনুষ্ঠিত বৈঠকৰ বিষয়ে জানিবলৈ দি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এটা বাৰ্তাত ড০ জয়শংকৰে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিষয়ে তেওঁ চৌদি আৰৱৰ মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে।