March 9, 2025 11:15 AM

views 29

ডুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্ৰতিযোগিতাৰ ফাইনেল

ডুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আজি হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্ৰতিযোগিতাৰ ফাইনেলক লৈ অভূতপূৰ্ব উৎসাহ পৰিলক্ষিত হৈছে। খেলখন দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব। দেশ দুখনৰ মাজত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেসমূহে ফাইনেল খেলখন অধিক ৰোমাঞ্চকৰ কৰি তুলিছে। ভাৰতে যোৱা মঙলবাৰে অনুষ্ঠিত গ্রুপ পৰ্যায়ৰ খেলত নিউজিলেণ্ডক ৪৪ ৰানত পৰাভূত কৰি শক্তিশালী অভিলেখেৰে ফাইনেলত প্ৰৱেশ কৰিছে। বেটে-বলে আগবঢ়োৱা সুন্দৰ প্ৰদৰ্শনৰ বলত লাভ কৰা এই জয়ে প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ পইণ্ট তালিকাত ভাৰতৰ শীৰ্ষ স্থা...