January 11, 2026 11:33 AM

views 59

গুজৰাটৰ বডোডৰাত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি গুজৰাটৰ বডোডৰাত অনুষ্ঠিত হ'ব। খেলখন দিনৰ ডেৰ বজাত আৰম্ভ হ'ব। ৰোহিত শৰ্মা আৰু বিৰাট কোহলিক শৃংখলাটোৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে। ঋষভ পণ্টক আঘাটৰ বাবে শৃংখলাৰ পৰা বাদ দিয়া হৈছে। শুভমন গিলে এই শৃংখলাত ভাৰতীয় দলৰ নেতৃত্বৰ দায়িত্ব বহন কৰিব। শৃংখলাৰ দ্বিতীয়খন খেল অহা ১৪ জানুৱাৰীত ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত আৰু তৃতীয়খন খেল ১৮ জানুৱাৰীত ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।