September 16, 2024 11:43 AM

views 23

ঘূৰ্ণীবতাহ ‘য়াগী’য়ে প্ৰভাৱিত কৰা দেশসমূহলৈ মানৱীয় সাহায্য প্ৰদানৰ উদ্দেশ্যে ভাৰতৰ ‘সদ্ভাব অভিযান’ মুকলি

ভাৰতে ঘূৰ্ণীবতাহ য়াগীয়ে প্ৰভাৱিত কৰা দেশসমূহলৈ মানৱীয় সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে সদ্ভাব অভিযান মুকলি কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰে যে এই অভিযানৰ অধীনত ভাৰতে ভিয়েটনামলৈ ১০ লাখ আমেৰিকান ডলাৰ পৰিমাণৰ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। এখন বিশেষ বিমানযোগে কালি ভিয়েটনামলৈ জল বিশুদ্ধিকৰণ সামগ্রী, কম্বল, পাকঘৰৰ সামগ্ৰী তথা সৌৰ চাকিকে ধৰি ৩৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হয়। নতুন দিল্লীয়ে লাউছলৈয়ো এখন বিশেষ বিমানৰ জৰিয়তে পানী বিশুদ্ধিকৰণ সামগ্ৰী, বীজাণুনাশক পদার্থ, শয়ন সামগ্রী...