December 23, 2024 12:20 PM

views 39

সন্ত্ৰাসবাদ বিৰোধী অভিযানত সহযোগিতা বৃদ্ধিৰ বাবে ভাৰত আৰু কুৱেইটৰ সন্মতি প্ৰদান

ভাৰত আৰু কুৱেইটে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি ইয়াৰ সকলো ৰূপ আৰু প্ৰকাশভংগীক গৰিহণা দিছে। দুয়োখন দেশেই সন্ত্ৰাসবাদৰ বিত্তীয় নেটৱৰ্ক আৰু নিৰাপদ আশ্রয়স্থল বিঘ্নিত কৰাৰ লগতে ইয়াৰ আন্তঃগাঁথনি ভাঙি পেলাবলৈও সকলোলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কুৱেইট ভ্ৰমণৰ সময়ছোৱাত দুয়ো পক্ষই সন্ত্ৰাসবাদ বিৰোধী অভিযান, চাইবাৰ নিৰাপত্তা আৰু সন্ত্ৰাসবাদ প্ৰতিৰোধৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰে। বৈদেশিক মন্ত্ৰ্যালয়ে এটা যুটীয়া বিবৃতিযোগে প্ৰকাশ কৰে...

December 23, 2024 12:16 PM

views 30

ভাৰত আৰু কুৱেইটৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ পৰা সাংস্কৃতিক বিনিময়লৈকে কেইবাখনো চুক্তি স্বাক্ষৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক কুৱেইট ভ্ৰমণকালত প্ৰতিৰক্ষা সহযোগিতাৰ পৰা সাংস্কৃতিক বিনিময়লৈকে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ যথেষ্ট উন্নতি পৰিলক্ষিত হৈছে।        প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত বিস্তৃত বুজাবুজিৰ চুক্তিৰে দ্বিপাক্ষিক সামৰিক সহযোগিতাৰ পৰিকাঠামো স্থাপন কৰা হৈছে। এই চুক্তিত প্রশিক্ষণ কাৰ্যসূচী, কর্মী বিনিময়, যুটীয়া সামৰিক অনুশীলন আৰু প্ৰতিৰক্ষা উদ্যোগৰ উন্নয়নৰ সহযোগিতা আদি অন্তৰ্ভুক্ত কৰা হৈছে। এই চুক্তিৰ জৰিয়তে প্ৰতিৰক্ষা সঁজুলি যোগান আৰু যুটীয়া গৱেষণা পদক্ষেপৰ ...