June 6, 2024 11:45 AM

views 44

আই চি চি টি-টুৱেণ্টী বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত ভাৰতৰ

ভাৰতে যোৱানিশা নিউয়ৰ্কৰ নাচাউ কাউণ্টী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি টি-টুৱেণ্টী বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আয়াৰলেণ্ডে ১৬ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৯৬ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ হার্দিক পাণ্ডিয়াই ৩টা উইকেট দখল কৰাৰ বিপৰীতে যশপ্রীত বুমৰাহ আৰু অর্শদীপ সিঙে দুটাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে ১২ অভাৰ আৰু দুটা বলত অধিনায়ক ৰোহিত শৰ্মাৰ ৫২ আৰু ঋষভ পণ্টৰ ৩৬ ৰানৰ সহায়ত দ...