November 15, 2024 6:43 PM

views 35

নতুন দিল্লীত অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্তৰে কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ সচিবৰ আলোচনা

অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্ত ফিলিপ গ্রীণে আজি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ সচিব ড০ দেৱেশ চতুর্বেদীক সাক্ষাৎ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে তেওঁলোকৰ এই বৈঠকে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ কৃষি তথা আনুসংগিক খণ্ডসমূহত পাৰস্পৰিক সহযোগিতাৰে কাম কৰাৰ বাবে নতুন সুযোগ উদ্ভাৱনৰ পথ প্ৰশস্ত কৰিছে। কৃষি প্রযুক্তি, উদ্যান শস্য, ডিজিটেল কৃষি আদিৰ দৰে ভালেমান ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাক আগবঢ়াই নিয়াৰ বিষয়ত উভয়পক্ষ সহমতত উপনীত হয় বুলিও মন্ত্ৰ্যালয়ে প্রকাশ ক...