August 25, 2025 9:27 PM

views 24

নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি ৰাবুকাৰ বৈঠক

ভাৰত আৰু ফিজিয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ কথা দোহাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি ৰাবুকাৰ মাজত নতুন দিল্লীত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে সহযোগিতা শক্তিশালী কৰাৰ লগতে যিকোনো ধৰণৰ সন্ত্ৰাসবাদৰ তীব্ৰ গৰিহণা দিয়ে। ২৬ গৰাকী নিৰীহ লোকে প্ৰাণ হেৰুওৱা পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমনৰ ঘটনাক দুয়োগৰাকী নেতাই নিন্দা কৰে। উভয় পক্ষই সন্ত্ৰাসবাদী সংগঠনক ধনৰ যোগান ধৰা, সন্ত্ৰাসবাদী কার্যকলাপত ন-ন প্ৰযুক্তিৰ ব্যৱহাৰ ৰোধ কৰা...