December 7, 2024 12:30 PM

views 34

ছিৰিয়াৰ হিংসাত্মক পৰিস্থিতিৰ বাবে ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰখনলৈ ভ্ৰমণ নকৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰামৰ্শ

ছিৰিয়াত শেহতীয়াকৈ সংঘটিত হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী অধিসূচনা জাৰি নকৰালৈকে ভাৰতীয় নাগৰিকসকলক ৰাষ্ট্ৰখনলৈ সকলো ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পৰামৰ্শ দিছে। মন্ত্ৰালয়ে লগতে বৰ্তমান ছিৰিয়াত থকা ভাৰতীয়সকলক ডামাস্কাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। যোগাযোগৰ বাবে দূতাবাস জৰুৰীকালীন হেল্পলাইন নম্বৰ হৈছে ৯৬৩ ৯৯৩৩৮৫৯৭৩। যিসকল ভাৰতীয় নাগৰিকৰ বাবে সম্ভৱ হয়, তেওঁলোকক আগতীয়াকৈ উপলব্ধ বাণিজ্যিক বিমানেৰে দেশ এৰিবলৈ পৰামৰ্শ দিয়া হৈছে।...