May 10, 2025 11:35 AM

views 40

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ পৰিষদীয় বৈঠকত ভোটদানৰ পৰা বিৰত ভাৰত

ভাৰতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি (আই এম এফ)ৰ পৰিষদীয় বৈঠকত ভোটদান কৰাৰ পৰা বিৰত থাকে। বৈঠকত পাকিস্তানৰ বাবে নতুন বিত্তীয় পেকেজ মুকলি কৰাৰ সন্দৰ্ভত আলোচনা কৰা হৈছিল। ভাৰতে পাকিস্তানৰ পূৰ্বৰ দুৰ্বল কাৰ্যকলাপৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত আই এম এফৰ কাৰ্যসূচীৰ কার্যকাৰিতাক লৈ উদ্বেগ প্রকাশ কৰে। ভাৰতে লগতে পাকিস্তানে এই পুঁজিৰ অপব্যৱহাৰ কৰি সীমান্তৰ ইপাৰে সন্ত্ৰাসবাদী কাৰ্যত ইয়াক ব্যৱহাৰ কৰাৰ সম্ভাৱনাক লৈও চিন্তা ব্যক্ত কৰে। আই এম এফে কালি পাকিস্তানৰ বাবে ১০০ কোটি ডলাৰৰ বিস্তাৰিত পুঁজি কাৰ্যসূচীৰ পৰ্...