January 30, 2025 8:58 PM

views 46

ইন্দ্ৰেশ্বৰ কলিতাক দুদিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাজ্যৰ আবকাৰি বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাক বিশেষ ন্যায়াধীশৰ আদালতে দুদিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰিছে। উপাৰ্জনতকৈ ৯৫ শতাংশৰো অধিক সা-সম্পত্তি অৰ্জনৰ অভিযোগত তদাৰকী কোষে অভিযুক্ত কলিতাক কালি গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে আজি সংস্থাটোৱে অভিযুক্তজনক বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাই সোধা-পোছাৰ বাবে তেওঁক জিম্মাত বিচাৰে। এই অনুসৰি আদালতে তেওঁক দুদিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰে।