May 3, 2025 6:41 PM

views 32

পাকিস্তানৰ পৰা সকলো ধৰণৰ প্ৰত্যক্ষ আৰু পৰোক্ষ আমদানিত ভাৰতৰ নিষেধাজ্ঞা

ভাৰতে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ পাকিস্তানৰ পৰা সকলো ধৰণৰ প্ৰত্যক্ষ আৰু পৰোক্ষ আমদানিত নিষেধাজ্ঞা জাৰি কৰিছে। বিদেশ বাণিজ্যৰ সঞ্চালক প্রধানগৰাকীয়ে এখন জাননীযোগে প্ৰকাশ কৰা অনুসৰি শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ পাকিস্তানৰ পৰা ভাৰতে সকলোধৰণৰ সামগ্ৰীৰ আমদানি আৰু সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জাননীখনৰ মতে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু জনস্বাৰ্থ নীতিৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই নিষেধাজ্ঞাৰ যিকোনো সালসলনিৰ বাবে চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হ'ব।