August 9, 2026 11:18 AM

views 2

আই আই টি গুৱাহাটীৰ গৱেষকৰ পানী আৰু অন্যান্য জৈৱিক নমুনাত থকা বিষাক্ত পদার্থ চিনাক্ত কৰিব পৰা অত্যাধুনিক যন্ত্র উদ্ভাৱন

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলে পানী আৰু অন্যান্য জৈৱিক নমুনাত থকা বিষাক্ত পদার্থ চিনাক্ত কৰিব পৰা অত্যাধুনিক যন্ত্র উদ্ভাৱন কৰিছে। এই উদ্ভাৱনে জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰাত সহায় কৰিব। ই-আই নামৰ এই যন্ত্রই উৎসস্থলীতে বিষাক্ত পদার্থ চিনাক্ত কৰিব আৰু পানী শোধন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব। এই গৱেষণাৰ ফলাফল আই ই ই ইৰ জার্নেলত প্রকাশ পাইছে। ই-আই যন্ত্ৰই ৰঙীন যৌগ উৎপন্ন হোৱা ৰাসায়নিক বিক্ৰিয়াৰে কাম কৰে। এই ৰঙৰ তীব্রতাই বিষাক্ত পদাৰ্থৰ ঘনত্ব সূচায়। মৌলিক অপটিকেল নীতি ব্য...