January 23, 2025 8:25 PM

views 28

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজু প্ৰয়াগৰাজৰ মহাকুম্ভ নগৰত উপস্থিত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজুৱে আজি প্ৰয়াগৰাজৰ মহাকুম্ভ নগৰৰ চেক্টৰ ফ'ৰত স্থাপন কৰা আকাশবাণী আৰু দূৰদৰ্শনৰ শিবিৰ কাৰ্যালয় পৰিদৰ্শন কৰি মহাকুম্ভৰ বিস্তৃত কাৰ্যসূচীৰ সম্প্ৰচাৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সচিবগৰাকীয়ে কয়, যে প্ৰচাৰ ভাৰতীয়ে মহাকুম্ভৰ সম্প্ৰচাৰৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মহাকুম্ভৰ বিভিন্ন কাৰ্যসূচী তথা কাৰ্যকলাপৰ সৈতে জড়িত তথ্যসমূহ প্ৰচাৰ কৰিছে। তেওঁ কয়, যে আকাশবাণী আৰু দূৰদৰ্শনে মহাকুম্ভৰ গুৰুত্বপূৰ্ণ আৰু আক...