June 23, 2025 11:38 AM

views 52

আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থা IAEA য়ে আজি জৰুৰী বৈঠকৰ আয়োজন

আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থা IAEA য়ে আজি এখন জৰুৰী বৈঠকৰ আয়োজন কৰিছে। সংস্থাৰ মুৰববী ৰাফেল গ্রোছিয়ে প্ৰকাশ কৰা অনুসৰি ইৰানৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই বৈঠক আহ্বান জনোৱা হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত গ্ৰোছিয়ে কয়, যে ইৰানৰ পাৰমাণৱিক সুবিধাৰ স্থলসমূহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই চলোৱা আক্ৰমণৰ পাছত সংস্থাটোৰ গৱৰ্ণৰসকলৰ পৰিষদৰ এখন জৰুৰী বৈঠকৰ আহ্বান জনোৱা হৈছে। ইতিমধ্যে ইৰানৰ পাৰমাণৱিক অস্ত্ৰ বিভাগৰ মুৰববী মহম্মদ ইছলামে IAEA লৈ লিখিতভাৱে প্ৰেৰণ কৰা এখন পত্ৰত ত...