February 1, 2025 6:19 PM

views 23

ইউৰোপীয় আউটড’ৰ চেম্পিয়নশ্বিপৰ ৬০ মিটাৰ হাৰ্ডলছত ভাৰতৰ তেজছ শ্বিৰ্ছেৰ ৰূপৰ পদক

ইউৰোপীয় আউটড'ৰ চেম্পিয়নশ্বিপত যোৱা নিশা ফ্ৰান্সৰ মিটিং মিৰামাছ মেট্ৰ'পলত অনুষ্ঠিত পুৰুষৰ ৬০ মিটাৰ হাৰ্ডলছত ভাৰতৰ তেজছ শ্বিৰ্ছেই ৰূপৰ পদক লাভ কৰে। ইয়াৰ উপৰিও তেওঁ ৭.৬৪ ছেকেণ্ডৰ সময়েৰে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয় আৰু নিজৰ পূৰ্বৰ শ্ৰেষ্ঠ ৭.৬৫ ছেকেণ্ড সময় ভংগ কৰে। স্পেইনৰ এনৰিকে ল'পিছে ৭.৫৪ ছেকেণ্ডত সোণৰ পদক লাভ কৰাৰ বিপৰীতে ফ্ৰান্সৰ উইলহেম বেলোচিয়ানে ৭.৬৭ ছেকেণ্ড সময়েৰে ব্ৰঞ্জৰ পদক লাভ কৰে ৷