November 25, 2024 11:53 AM

views 16

অহা বছৰ হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ বাবে অসম ৰাজ্যিক বিদ্যালয় পৰিষদৰ আজি পুনৰ প’ৰ্টেল মুকলি

অসম ৰাজ্যিক বিদ্যালয় পৰিষদে অহা বছৰ হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ বাবে আজি পুনৰ পৰ্টেল মুকলি কৰিছে। সেই অনুসৰি প্ৰপত্ৰ পূৰণৰ বাকী থকা সকলো কাম কাইলৈৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহক আহ্বান জনাইছে। পৰিষদে এটা নিৰ্দেশনাত উল্লেখ কৰা মতে পূৰ্বে পূৰণ কৰা প্ৰপত্ৰত কোনো আসোঁৱাহ ৰৈ গ'লে সেইসমূহো কাইলৈৰ ভিতৰত আঁতৰ কৰিব পৰা যাব। একেদৰে পৰহিলৈ মাচুল আদায়ৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে অহা বৰ্ষত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত...