November 28, 2025 12:31 PM

views 59

হংকঙত হোৱা অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৪ লৈ বৃদ্ধি

হংকঙৰ টাইপো জিলাৰ এটা আৱাসিক চৌহদত হোৱা অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৪ লৈ বৃদ্ধি পাইছে। অগ্নিকাণ্ডৰ পাছৰে পৰা ২৮০ জনৰো অধিক লোক সন্ধানহীন হৈ আছে। এই ঘটনাত ৭৬ জন লোক আহত হৈছে। ইয়াৰে ভিতৰত ১৫ জনৰ অৱস্থা জটিল আৰু ২৮ জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। কৰ্তৃপক্ষসমূহে হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। এগৰাকী চৰকাৰী মুখপাত্ৰই প্ৰকাশ কৰা মতে অগ্নি নির্বাপক বাহিনীৰ লোকে একাংশ অট্টালিকাত এতিয়াও উদ্ধাৰ অভিযান চলাই আছে। চাৰিটা অট্টালিকাত লগা জুই নিয়ন্ত্ৰণ কৰা হৈছে আৰু প্ৰায় ...