February 15, 2025 11:32 AM

views 37

এছিয়ান জুনিয়ৰ টীম স্কোৱাছ চেম্পিয়নশ্বিপত ভাৰতৰ ছোৱালী-ল’ৰা দুয়োটা দল ছেমি ফাইনেলত

হংকঙত চলি থকা এছিয়ান জুনিয়ৰ টীম স্কোৱাছ চেম্পিয়নশ্বিপত ভাৰতৰ ছোৱালী আৰু ল'ৰা দুয়োটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় ছোৱালী দলটোৱে পুল-বিত দ্বিতীয় স্থান দখল কৰি অন্তিম চাৰিটা দলত স্থান লাভ কৰিছে। পুল পৰ্যায়ত অনাহত সিঙে আটাইকেইখন খেলত জয়লাভ কৰে। ছোৱালী দলটোৱে আজি ছেমি ফাইনেলত ঘৰুৱা দল হংকঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতৰ ল'ৰাৰ দলটোৱে হংকঙক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। দলটোৱে আজি ছেমি ফাইনেলত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।