March 12, 2025 12:03 PM

views 15

উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলে কামৰ বাবে অঞ্চলটো ত্যাগ কৰাৰ আৱশ্যকতা নাইঃ গৃহমন্ত্ৰী অমিত শ্বাহ

উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলে এতিয়া আৰু কামৰ বাবে অঞ্চলটো ত্যাগ কৰাৰ আৱশ্যকতা নাই আৰু তেওঁলোকে অঞ্চলটোতেই কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে প্রকাশ কৰিছে। Students' Experience in Inter-State Living নামৰ কাৰ্যসূচীৰ অধীনত কালি নতুন দিল্লীত আয়োজিত যুৱ সংসদত উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষার্থীসকলক উদ্দেশি ভাষণ দি শ্ৰী শ্বাহে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০২৭ চনৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানী চহৰসমূহক ৰে’ল, বিমান আৰু পথ যোগাযোগ ব্যৱস্থাৰে সংযুক্ত কৰা হ'...