June 17, 2024 8:56 PM

views 13

নতুন দিল্লীত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি পর্যালোচনাৰ উদ্দেশ্যে উচ্চ পৰ্যায়ৰ বৈঠক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি পর্যালোচনাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিছে। এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা, চোৰাংচোৱা সংস্থাৰ মুৰব্বী তপন ডেকা, সেনাবাহিনীৰ মুৰব্বী মনোজ পাণ্ডে, সেনা বাহিনীৰ তদর্থ মুৰব্বী উপেন্দ্ৰ দ্বিবেদী আৰু মণিপুৰৰ আৰক্ষী সঞ্চালকপ্ৰধান ৰাজীৱ সিঙৰ উপৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া, সেনা বাহিনী আৰু আন আন নিৰাপত্তা সংস্থাসমূহৰ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰিছে।