December 19, 2025 6:51 PM

views 36

গুৱাহাটীত অহা ২১ ডিচেম্বৰৰ পৰা অস্মিতা পূব মণ্ডল হকী প্রতিযোগিতা

গুৱাহাটীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈয়াবুল্লা হকী ষ্টেডিয়ামত অহা ২১ ডিচেম্বৰৰ পৰা অস্মিতা পূব মণ্ডল হকী প্রতিযোগিতা অনুষ্ঠিত হ'ব। অসম হকীৰ সভাপতি তপন দাসে জনোৱা অনুসৰি, ছাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত হ'বলগীয়া প্রতিযোগিতাখনত ঘৰুৱা দল অসমৰ লগতে বিহাৰ, ত্ৰিপুৰা, মিজোৰাম, ওড়িশাৰ ছোৱালীৰ দলে যোগদান কৰিব। অহা ২৫ ডিচেম্বৰলৈ ছাব জুনিয়ৰ শাখাৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ পাছত ২৭ৰ পৰা ৩১ ডিচেম্বৰলৈ জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হ'ব।