June 11, 2025 9:29 AM

views 53

দেশৰ বান ব্যৱস্থাপনা প্রস্তুতি সন্দৰ্ভত নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেশৰ বান ব্যৱস্থাপনা প্রস্তুতি সন্দৰ্ভত কালি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। শ্ৰীশ্বাহে দেশৰ বান প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা দীৰ্ঘম্যাদী ব্যৱস্থা আৰু যোৱা বছৰৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি লোৱা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। গৃহ মন্ত্ৰ্যালয়ে এটা বিবৃতিত উল্লেখ কৰা অনুসৰি গৃহমন্ত্ৰীগৰাকীয়ে বান ব্যৱস্থাপনাৰ বাবে সকলোবোৰ সংস্থাই গ্রহণ কৰা নব্য প্ৰযুক্তিৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক তৃণমূল পৰ্যায়ত আগ...