September 23, 2024 12:00 PM

views 56

প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ OMR চিটৰ ফটোকপী ৫০ টকাৰ বিনিময়ত পাব পৰা হ’বঃ মুখ্যমন্ত্ৰী

চলিত ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদবোৰ পূৰণৰ বাবে অনুষ্ঠিত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ OMR চিটৰ ফটোকপী ৫০ টকাৰ বিনিময়ত পাব পৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছে। উল্লেখযোগ্য যে চৰকাৰে ২০২১ চনৰ পৰীক্ষা প্ৰাৰ্থীসকলৰ পৰা মাচুল লৈছিল যদিও এইবাৰ সেই মাচুল ৰেহাই দিয়া হৈছে। লক্ষ্যনীয় যে প্ৰশ্নকাকত ফাদিল ৰোধ কৰাৰ বাবে অন্য ব্যৱস্থা বোৰৰ লগতে এইবাৰ পৰীক্ষাৰ্থীক পৰীক্ষাৰ অন্তত প্ৰশ্নকাকত লগত নিবলৈ দিয়া হোৱা নাছিল। ইয়...

September 16, 2024 5:42 PM

views 46

পৰীক্ষাগৃহত প্ৰৱেশৰ পূৰ্বে চলোৱা তালাচী সন্দৰ্ভত নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে উত্থাপন কৰা অভিযোগ সম্পৰ্কে অসম আৰক্ষীক তদন্তৰ নির্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি অনুষ্ঠিত অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাত নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে পৰীক্ষাগৃহত প্ৰৱেশৰ পূৰ্বে চলোৱা তালাচী সন্দৰ্ভত উত্থাপন কৰা অভিযোগ সম্পৰ্কে অসম আৰক্ষীক তদন্তৰ নির্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কয় যে এই পৰীক্ষা স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাটোৱেই চৰকাৰৰ লক্ষ্য যদিও কোনো লোকৰে মৰ্যাদা আৰু সন্মানকলৈ আপোচ কৰা নহ'ব। বিষয়টো চিন্তনীয় হোৱা হেতুকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ সৈতে আলোচনা কৰি ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে লগতে ক...

September 6, 2024 6:13 PM

views 76

ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্রী-বিধায়ক উপস্থিত থাকে। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ লোকৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি তথা প্ৰকল্পৰ ধাৰাবাহিক নিৰীক্ষণ আৰু স্থানীয় উন্নয়ন ত্বৰান্বিত ক...

September 6, 2024 6:15 PM

views 97

ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি কৰি ১৬টাকৈ সিদ্ধান্ত সন্নিৱিষ্ট প্ৰথমটো নিৰ্দেশনাত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ

ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৬টাকৈ সিদ্ধান্ত সন্নিৱিষ্ট প্ৰথমটো নিৰ্দেশনাত স্বাক্ষৰ কৰে। মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰা নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা প্ৰতি বছৰে ২৬ জানুৱাৰী তথা গণৰাজ্য দিৱসৰ দিনা মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ মুখ্যমন্ত্রীৰ সচিবালয় প্ৰাংগনত পতাকা উত্তোলন কৰিব। একেটা নিৰ্দেশনাতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ১৯ খন জিলা আয়ুক্তৰ সালসলনিৰ নিৰ্দেশনাতো স্বাক্ষৰ কৰিছে। মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰা আন নিৰ্দেশনাসমূহ অনুসৰি ১৪ ছেপ্তেম্বৰত কৰম পূজা উপল...

September 5, 2024 6:30 PM

views 93

সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি শিক্ষক দিৱস পালন

শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি আজি শিক্ষক দিৱস পালন কৰা হৈছে। দেশত ১৯৬২ চনৰ ৫ ছেপ্তেম্বৰত প্ৰথম শিক্ষক দিৱস অনুষ্ঠিত হৈছিল আৰু ১৯৭২ চনৰে পৰা চৰকাৰীভাৱে এই দিৱস পালন কৰি অহা হৈছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ উপস্থিতিত আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত দেশৰ বিভিন্ন প্ৰান্তৰ ৮২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ২০২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰদান কার্যসূচী অনুষ্ঠিত হয়। দেশৰ আন বিভিন্ন অংশৰ লগতে অসমতো আ...

August 8, 2024 1:43 PM

views 56

ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু ৬০০ গৰাকী বন সুৰক্ষা বাহিনীৰ জোৱানৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’বঃ মুখ্যমন্ত্ৰী

ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু ছশ গৰাকী বন সুৰক্ষা বাহিনীৰ জোৱানৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি কালি তেওঁ এই কথা ঘোষণা কৰে। লগতে লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন অহা অক্টোবৰ মাহত উদ্বোধন কৰা হ'ব বুলিও তেওঁ কয়। এই একাডেমীলৈ প্ৰশিক্ষণ লাভৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জোৱানসকল আহিবলৈ আৰম্ভ কৰাত একাডেমীখন ৰাষ্ট্ৰীয় পর্যায়ত...

August 7, 2024 7:30 PM

views 59

দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। তেওঁ এই সমাৰোহত ৯৮১ গৰাকী বন সুৰক্ষা বাহিনীৰ কনিষ্টবলক দীক্ষান্ত প্রমাণ-পত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত পৰিবেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বন আৰু বন্যপ...

August 7, 2024 6:49 PM

views 58

মহানগৰীৰ কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰবাসীক সতর্কতা অৱলম্বন কৰিবলৈ মুখ্যমন্ত্রীৰ আহ্বান

গুৱাহাটী মহানগৰীত আজি বিয়লি ভাগত হোৱা প্ৰৱল বৰষুণৰ ফলত ভালেমান অঞ্চল পুনৰ কৃত্ৰিম বানৰ কবলত পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰবাসীক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্রী ড০ শৰ্মাই প্রয়োজনীয় কাম নহ'লে মহানগৰবাসীক ঘৰৰ পৰা বাহিৰ নহ'বলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে, গুৱাহাটী মহানগৰীৰ দীৰ্ঘদিনীয়া এই কৃত্রিম বানৰ সমস্যা ৰোধ কৰিবলৈ হ'লে মহানগৰীখনৰ নলা-নৰ্দমাৰ ব্যৱস্থা পূৰ্বতকৈ সম্প্ৰসাৰণৰ প্ৰয়োজন হ...

August 6, 2024 8:50 PM

views 45

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দ্বিতীয় ন্যায়িক দৰমহা আয়োগৰ ভাট্টাসমূহৰ সংশোধিত হাৰৰ ওপৰত পৰামৰ্শ আৰু কাৰ্যকৰীকৰণ সন্দৰ্ভত বৈঠক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দ্বিতীয় ন্যায়িক দৰমহা আয়োগৰ ভাট্টাসমূহৰ সংশোধিত হাৰৰ ওপৰত পৰামৰ্শ আৰু কাৰ্যকৰীকৰণ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ উপৰিও আইন আৰু ন্যায় বিভাগৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত আছিল।

July 29, 2024 7:09 PM

views 72

দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত জিলা আয়ুক্ত সন্মিলন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা আয়ুক্ত সন্মিলন চলি আছে। এই সন্মিলনতে মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই ২ অক্টোবৰত উপ জিলাৰ কাম-কাজসমূহ আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। সেই অনুসৰি কামৰূপ জিলাত দুখন উপ জিলা হ'ব। প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰাই উপ জিলাৰ কাম-কাজসমূহ চলিব। একে সময়তে স্থায়ী কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যও চলি থাকিব। আনহাতে উপ জিলা কাৰ্যালয়ৰ বাবে লোকনির্মাণ বিভাগে প্ৰস্তুত কৰা নক্সা সংশিষ্ট জিলা উপায়ুক্তসকলক কাইলৈ ...