April 25, 2025 11:06 AM

views 22

হিমাচল প্ৰদেশত অনুষ্ঠিত সপ্তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক তথা যোগগুৰু জগদীশ ভঁৰালীৰ সোণৰ পদক

হিমাচল প্ৰদেশৰ ধৰ্মশালাত চলি থকা সপ্তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছৰ যোগ প্রতিযোগিতাত ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যোগগুৰু জগদীশ ভঁৰালীয়ে নিজৰ শাখাত সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই প্রতিযোগিতাত সোণৰ পদক লাভ কৰা যোগগুৰু জগদীশ ভঁৰালীয়ে ইতিমধ্যে ডুবাই, থাইলেণ্ড, বাংলাদেশকে ধৰি বহুকেইখন দেশত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ীৰ সুনাম কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে। চলিত মাহৰ ১৬ এপ্ৰিলৰ পৰা চলি থকা এই প্ৰতিযোগিতাৰ কাইলৈ সামৰণি পৰিব।