September 3, 2026 12:53 PM

views 5

দেশৰ প্ৰথমটো চাৰিটা লেনযুক্ত দ্বৈত টিউব টানেল প্ৰকল্পৰ বাবে নিবিদা আহ্বান

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে ব্রহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমটো চাৰিটা লেনযুক্ত দ্বৈত টিউব টানেল প্ৰকল্পৰ বাবে নিবিদা আহ্বান কৰিছে। গহপুৰৰ পৰা উজনি অসমৰ নুমলীগড়লৈ নির্মাণ হ'বলগীয়া এই প্ৰকল্পৰ মুঠ দৈর্ঘ্য ৩৩.৭০ কিলোমিটাৰ হ'ব। প্রকল্পটোত চাৰিটা লেনযুক্ত পথৰ লগতে ব্ৰহ্মপুত্ৰৰ তলেদি প্রায় ১৫.৭৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈত টিউব টানেল নির্মাণ কৰা হ'ব। দুয়োটা টিউবত দুটাকৈ লেন থাকিব আৰু ইয়াৰে এটা টিউবত ৰে'ল চলাচলৰ বাবে বিশেষ ব্যবস্থা সন্নিবিষ্ট কৰা হ'ব। প্ৰকল্পটোৰ মুঠ মূলধনী ব...