June 5, 2024 7:48 PM

views 27

শোণিতপুৰ আসনত বিজেপিৰ ৰঞ্জিত দত্তৰ সৰ্বাধিক ৬০.২ শতাংশ ভোট লাভ

লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি অসমৰ ১৪ খন আসনৰ ভিতৰত শোণিতপুৰ আসনখনত বিজেপিৰ ৰঞ্জিত দত্তই মুঠ গৃহীত ভোটৰ সৰ্বাধিক ৬০.২ শতাংশ লাভ কৰে। কংগ্ৰেছ দলৰ ৰকিবুল হুছেইনে মুঠ গৃহীত ভোটৰ ৫৯.৯৯ শতাংশ লাভ কৰে। শিলচৰ সমষ্টিত বিজেপিৰ পৰিমল শুক্লবৈদ্যই ৫৯.৮৯ শতাংশ ভোট লাভ কৰিছে। ইপিনে, বৰপেটা লোকসভা সমষ্টিত অসম গণ পৰিষদ দলৰ ফণীভূষণ চৌধুৰীয়ে মুঠ গৃহীত ভোটৰ ৫১.০২ শতাংশ লাভ কৰিছে। প্ৰাৰ্থীৰ্গৰাকীয়ে তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ দলৰ দ্বীপ বায়নৰ বিৰুদ্ধে ২ লাখ ১৮ হাজাৰৰো অধিক সংখ্যক ভোটত জয়লাভ কৰিছে। নগাঁও ...