June 29, 2025 12:17 PM

views 51

অসম প্ৰকাশন পৰিষদে হেমকোষ আৰু চন্দ্ৰকান্ত অভিধান প্ৰকাশ কৰি বিদ্যালয় আৰু মহাবিদ্যালয়ত বিনামূলীয়াকৈ বিতৰণ কৰিবঃ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা

অসম প্ৰকাশন পৰিষদে হেমকোষ আৰু চন্দ্ৰকান্ত অভিধান প্ৰকাশ কৰি বিদ্যালয় আৰু মহাবিদ্যালয়ত বিনামূলীয়াকৈ বিতৰণ কৰিব। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে। তেওঁ কয় যে হেমকোষ অসমৰ বাবে জাতীয় সম্পদ। যিহেতু হেমকোষ এতিয়া কপিৰাইটৰ ভিতৰত নপৰে, সেইবাবে যিকোনো ব্যক্তিয়ে হেমকোষ প্ৰকাশ কৰিব পাৰে বুলি তেওঁ কয়। সেইবাবে অসম প্ৰকাশন পৰিষদে এতিয়া হেমকোষ অভিধানখন প্ৰকাশৰ দিহা কৰি আছে। হেমকোষৰ লগতে চন্দ্ৰকান্ত অভিধানখনো প্ৰকাশন পৰিষদে প্ৰকাশ কৰিব তেওঁ কয়।

May 1, 2025 6:59 PM

views 84

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাষাৰ ওজা, হেমকোষ প্রণেতা হেমচন্দ্ৰ বৰুৱাক সোঁৱৰণ

ভাষাৰ ওজা, হেমকোষ অভিধানৰ প্রণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। হেমচন্দ্র বৰুৱাৰ ১২৯ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ত শ্রদ্ধাঞ্জলি কার্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ চৌহদত থকা হেমচন্দ্র বৰুৱাৰ প্রতিমূর্তিস্থলীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্ত আৰু সাদিন প্রতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত অংশ লৈ বিশিষ্ট ভাষাবিদ তথা গ...

May 1, 2024 7:02 PM

views 54

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাষাৰ ওজা, হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস পালন

ভাষাৰ ওজা, হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। গোলাঘাট জিলাৰ ডেৰগাঁৱত থকা হেমচন্দ্ৰ বৰুৱাৰ আবক্ষ্য মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম সাহিত্য সভাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। সন্ধিয়াৰ ভাগত কমল শৰ্মা সভাগৃহত মূল স্মৃতিচাৰণ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ইপিনে, ওদালগুৰি জিলাৰ টংলা সাহিত্য সভাই আজি দিনজোৰা কাৰ্যসূচীৰে ভাষাৰ ওজাৰ স্মৃতিত ...