June 21, 2026 7:08 PM

views 19

বিশ্ব মটৰ চাইকেল দিৱস উপলক্ষে ধেমাজিত মটৰ চাইকেল আৰোহীক বিনামূলীয়াকৈ হেলমেট বিতৰণ

বিশ্ব মটৰ চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ আন বিভিন্ন স্থানৰ লগতে ধেমাজিতো আজি সুকীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই দিৱস উপলক্ষে দা এম ই এন এম চি ক্লাবে ধেমাজিত পথ সজাগতা তথা দুর্ঘটনা ৰোধৰ উদ্দেশ্যে মটৰ চাইকেল আৰোহীক বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰে। আয়োজক প্রতিষ্ঠানটোৰ উদ্যোগত তথা জিলা পৰিবহন বিভাগ আৰু আৰক্ষীৰৰ যান বাহন শাখাৰ সহযোগত ধেমাজি সদৰত আয়োজন কৰা এই কাৰ্যসূচীত হেলমেট পৰিধান নকৰা মটৰ চাইকেল চালক আৰু আৰোহীসকলক একোটা হেলমেট প্রদান কৰা হয়।