September 23, 2024 12:18 PM

views 88

ৰাজ্যত বিগত কেইবাদিনো ধৰি গৰমৰ প্ৰকোপ অব্যাহত

ৰাজ্যত বিগত কেইবাদিনো ধৰি গৰমৰ প্ৰকোপ অব্যাহত আছে। স্বাভাৱিক তাপমাত্ৰা চাৰিৰ পৰা পাঁচ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যবাসীয়ে অস্বস্তিকৰ পৰিৱেশৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি ৰাজ্যৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্রবাহৰ মাত্ৰা অত্যধিক হাৰত বৃদ্ধি পাইছে। বিগত দিনকেইটাত তাপমাত্রা ৩৭ৰ পৰা ৩৮ ডিগ্রী চেলছিয়াছ হৈছে যদিও জলবায়ুৰ আৰ্দ্ৰতাৰ বাবে ৪৫ৰ পৰা ৪৮ ডিগ্ৰী চেলছিয়ালছলৈ গৰম অনুভূত হৈ আহিছে। আজি এই তাপমাত্ৰা নূন...

April 24, 2024 5:34 PM

views 47

ত্ৰিপুৰাত তীব্ৰ গৰমৰ বাবে ২৭ এপ্ৰিললৈ সকলো বিদ্যালয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

তীব্ৰ গৰমৰ পৰিপ্ৰেক্ষিতত ত্ৰিপুৰা ৰাজ্য চৰকাৰে অহা চাৰিদিনৰ বাবে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে। শিক্ষা বিভাগৰ সচিবে প্ৰেছ বিজ্ঞপ্তিযোগে ৰাজ্যখনৰ সকলো চৰকাৰী, চৰকাৰী সাহায্যপ্রাপ্ত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় আজিৰপৰা ২৭ এপ্ৰিললৈ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জনসাধাৰণক ৰ'দৰ পৰা আঁতৰি থাকিবলৈ দিছে। জিলা প্ৰশাসনসমূহক জৰুৰীকালীন সেৱা কেন্দ্ৰ সক্ৰিয় কৰি ৰাখিবলৈ আৰু সকলো অঞ্চললৈ নিৰৱচ্চিন্নভাৱে বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।