May 25, 2024 6:30 PM

views 61

গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি কৰা হৈছে। শোণিতপুৰ, হাইলাকান্দি, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি শোণিতপুৰ জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা দিনৰ ১২ বজালৈ, মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা ১২ বাজি ৩০ মিনিটলৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা দুপৰীয়া ১ ব...

May 25, 2024 6:06 PM

views 74

অহা ২৪ ঘণ্টাত অসমৰ প্ৰায়বোৰ ঠাইতে গৰম আৰু আৰ্দ্ৰতা সর্বোচ্চ তাপমাত্রা স্বাভাৱিকতকৈ ৫ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছৰ অধিক হোৱাৰ সম্ভাৱনা

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে অহা ২৪ ঘণ্টাত অসমৰ প্ৰায়বোৰ ঠাইতে গৰম আৰু আৰ্দ্ৰতা বেছি হোৱাৰ লগতে সর্বোচ্চ তাপমাত্রা স্বাভাৱিকতকৈ ৫ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছৰ অধিক হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত দুই এঠাইত গ্ৰীষ্ম প্রবাহৰ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে।

May 25, 2024 6:04 PM

views 64

 প্ৰচণ্ড গৰম আৰু গ্ৰীষ্ম প্ৰবাহৰ পৰিপ্ৰেক্ষিতত অসমৰ কেইবাখনো জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচীত সাল-সলনি

♦ অসমৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড গৰম আৰু গ্ৰীষ্ম প্ৰবাহৰ লেখীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি কৰা হৈছে। বঙাইগাঁও, কার্বি আংলং, শোণিতপুৰ, মৰিগাঁও আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ উপৰি শিক্ষানুষ্ঠানসমূহক পর্যাপ্ত শীতল খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। নির্দেশনাটোত বিদ্যালয়সমূহক প্ৰাতঃ সভা মুকলি আকাশৰ সলনি বিদ্যালয়ৰ বাৰান্দা বা শ্ৰেণীকোঠাৰ ভিতৰতে সম্পন্ন কৰিবলৈও উল্লেখ...

May 15, 2024 11:34 AM

views 52

ৰাজ্যত স্বাভাৱিক তাপমানতকৈ কেইবা ডিগ্রী চেলছিয়াছ উষ্ণতা বৃদ্ধি

ৰাজ্যত স্বাভাৱিক তাপমানতকৈ কেইবা ডিগ্রী চেলছিয়াছ উষ্ণতা বৃদ্ধি পাইছে। গুৱাহাটীত সন্ধিয়া ৬.৩০ বজাত তাপমান ৩২ ডিগ্রী চেলছিয়াছ, শিলচৰত ৩৫ ডিগ্রী, গোৱালপাৰাত ৩৩ দশমিক ৩ ডিগ্রী, গোলাঘাটত ৩৪ দশমিক ২ আৰু যোৰহাটত ৩৩ দশমিক ৪ ডিগ্রী চেলছিয়াছলৈ উষ্ণতা বৃদ্ধি পাইছে। বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে যোৱা ১ মাৰ্চৰ পৰা ৮ মে'লৈ অসমত বৰষুণৰ পৰিমাণ ৩৫ শতাংশ কম হৈছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি কালি লামডিঙত সৰ্বোচ্চ তাপমান ৩৯ দশমিক ৬ ডিগ্রী চেলছিয়াছ হৈছে। দেশৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে...