June 27, 2026 10:21 PM

views 22

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই পৰহিলৈ নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই পৰহিলৈ নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য কর্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সমল কেন্দ্ৰৰ অধীনত বিকশিত এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ ক্ষেত্ৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে।  শ্ৰীনাড্ডাই পৰহিলৈ মুকলি কৰিবলগীয়া ব্যৱস্থাসমূহৰ ভিতৰত আছে আৰোগ্য সেতুৰ দ্বিতীয় পৰ্যায়, আয়ুষ্মান সাৰথি চাটব’ট, আয়ুষ্মান এপ, ই-সুশ্ৰুত ক্...

April 27, 2025 8:14 PM

views 62

কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত দেশে প্রভূত অগ্ৰগতি লাভ কৰিছেঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডা

কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত দেশে প্রভূত অগ্ৰগতি লাভ কৰিছে। কৰ্কট ৰোগ শীঘ্ৰে ধৰা পেলোৱা আৰু দেশৰ বিভিন্ন অংশত কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্ৰ স্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ বাবেই এই পৰিৱৰ্তন দেখা গৈছে। আজি মহাৰাষ্ট্ৰৰ ছত্ৰপতি চন্তাজি নগৰৰ চৰকাৰী কৰ্কট চিকিৎ‍সালয়ত শেহতীয়া সুবিধাযুক্ত ট্রু বীম ইউনিট মুকলি তথা কৰ্কট প্ৰতিষ্ঠানখনৰ সম্প্ৰসাৰিত খণ্ডৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই এইকথা প্ৰকাশ কৰে। দ্যা লানচেট নামৰ এখন চিকিৎসা আলোচনীয়ে দাঙি ধৰা তথ্যৰ...

March 9, 2025 7:59 PM

views 80

ত্ৰিপুৰাত কন্যা শিশুৰ বাবে মুখ্যমন্ত্রী বালিকা সমৃদ্ধি যোজনা আৰু মুখ্যমন্ত্রী কন্যা আত্মনিৰ্ভৰ যোজনা শীৰ্ষক দুখন আঁচনিৰ বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী নাড্ডাৰ ঘোষণা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি ত্ৰিপুৰাত কন্যা শিশুৰ বাবে মুখ্যমন্ত্রী বালিকা সমৃদ্ধি যোজনা আৰু মুখ্যমন্ত্রী কন্যা আত্মনিৰ্ভৰ যোজনা শীৰ্ষক দুখন আঁচনিৰ বিষয়ে ঘোষণা কৰে। আগৰতলাৰ স্বামী বিবেকানন্দ গ্রাউণ্ডত আয়োজিত এখন দলীয় সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰা চৰকাৰৰ এই বিশেষ আঁচনিৰ বিষয়ে ঘোষণা কৰে। মুখ্যমন্ত্রী বালিকা সমৃদ্ধি যোজনাৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালত জন্মগ্ৰহণ কৰা কন্যা শিশুসকলৰ বাবে চৰকাৰে বণ্ড হিচাপে ৫০ হাজাৰ ...

March 9, 2025 7:55 PM

views 170

দেশৰ জনস্বাস্থ্য প্রতিষ্ঠানসমূহ সবল কৰি তোলাৰ লগতে সকলোৰে বাবে স্বাস্থ্যৰ সুবিধা সুনিশ্চিত কৰাৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ প্ৰতিশ্ৰুতি

কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই দেশৰ জনস্বাস্থ্য প্রতিষ্ঠানসমূহ সবল কৰি তোলাৰ লগতে সকলোৰে বাবে স্বাস্থ্যৰ সুবিধা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দোহাৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ প্ৰতিষ্ঠানৰ ৪৮ সংখ্যক বাৰ্ষিক দিৱস উদযাপন অনুষ্ঠানত ভার্চুৱেল পদ্ধতিৰে অংশগ্ৰহণ কৰি দিয়া ভাষণত তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীনাড্ডাই কয় যে দেশত জনস্বাস্থ্য ক্ষেত্ৰত কৰ্মৰত লোকসকলৰ সক্ষমতা নির্মাণ সম্পৰ্কীয় কাম-কাজ তথা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰতিষ...