September 13, 2026 11:26 AM

views 10

স্বাস্থ্যমন্ত্রী অশোক সিংহলৰ বাংগালুৰুস্থিত নাৰায়ণা হেলথ চিটী পৰিদৰ্শন

স্বাস্থ্যমন্ত্রী অশোক সিংহলে জটিল ৰোগত আক্রান্ত অসমৰ ৰোগীসকলে লাভ কৰি থকা উন্নত চিকিৎসা আৰু তেওঁলোকৰ স্বাস্থ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি বাংগালুৰুস্থিত নাৰায়ণা হেলথ চিটী পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত চিকিৎসাধীন অসমৰ কেইবাগৰাকী ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ্গৰ সৈতে মত-বিনিময় কৰি চিকিৎসা প্ৰক্ৰিয়া আৰু বৰ্তমানৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ লগতে নাৰায়ণ হেলথ চিটীৰ অধ্যক্ষ তথা প্রতিষ্ঠাপক ডাঃ দেৱী প্রসাদ ছেটিৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত তেওঁলোকে অসমৰ ৰোগীৰ বাবে উন্নত আৰু ...