February 7, 2025 11:13 AM

views 32

দীপৰ বিলৰ সকলো খনন আৰু নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে দীপৰ বিলৰ সকলো খনন আৰু নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে জলাশয়টোৰ সীমা সম্পূৰ্ণকৈ নিৰ্ধাৰণ নোহোৱালৈকে অঞ্চলটোত সকলো ধৰণৰ খনন আৰু নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ দিছে। ৰামচৰ চাইট হিচাপে পৰিচিত দীপৰ বিলৰ সংৰক্ষণ আৰু সুৰক্ষাৰ স্বাৰ্থত এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। উল্লেখযোগ্য যে এগৰাকী ব্যক্তিয়ে দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনৰ ভিত্তিতে ন্যায়ালয়ে এই গুৰু...