January 21, 2025 8:34 PM

views 22

হাটশিঙিমাৰীত ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভত ম’ক ড্রিল কাৰ্যসূচী

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত দক্ষিণ শালমাৰা মানকাচৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই আজি হাটশিঙিমাৰীত ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত কিদৰে সহায় কৰিব সেই সন্দৰ্ভত এটা ম’ক ড্রিল কাৰ্যসূচী অনুষ্ঠিত কৰে। ইয়াৰ জৰিয়তে ভূমিকম্প আৰু অগ্নিকাণ্ডত আহত হোৱা লোকসকলক উদ্ধাৰ কৰা তথা দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ ব্যৱস্থা লোৱাৰ আখৰা কৰা হয়। এই কাৰ্যসূচীত জিলাখনৰ অতিৰিক্ত আয়ুক্ত ৰাহুল দলৈৰ উপৰি বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।