October 7, 2026 12:42 PM
2
আজিৰে পৰা হাটশিঙিমাৰী মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্র অনুষ্ঠিত
হাটশিঙিমাৰী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্র অনুষ্ঠিত হৈছে। পৰম্পৰাগত জ্ঞানৰ ভূমিকা : পৰিৱেশগত পৰিৱৰ্তন আৰু স্থিতিস্থাপকতা শীর্ষক আলোচনা চক্ৰখনৰ জিলা আয়ুক্ত পৰীক্ষিত সাউদাম আৰু বিধায়ক মহিবুৰ ৰহমান মণ্ডলে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰা অনুষ্ঠানটোত পৰম্পৰাগত জ্ঞান, পৰিৱেশ পৰিৱৰ্তন আৰু স্থিতিস্থাপকতাৰ বিভিন্ন দিশত আলোচনা অনুষ্ঠিত হয়।