July 12, 2026 8:53 PM

views 70

কৃষি মন্ত্ৰী পীযূষ হাজৰিকাৰ বাঘজাপ গাঁও পঞ্চায়তৰ হাতীয়ামুখ জলসিঞ্চন প্রকল্প পৰিদৰ্শন

কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘজাপ গাঁও পঞ্চায়তৰ হাতীয়ামুখ জলসিঞ্চন প্রকল্প পৰিদৰ্শন কৰে। প্ৰায় ৩০ কোটি ৬৭ লাখ টকা ব্যয় সাপেক্ষ এই জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে প্রায় ৫৮০০ বিঘা কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। এই পৰিদৰ্শন কালছোৱাত মন্ত্ৰীগৰাকীয়ে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰি কৃষকসকলক জলসিঞ্চনৰ সুবিধা আৰু বিভিন্ন আঁচনিৰ সদব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।