September 18, 2024 11:53 AM

views 45

হাৰিয়ানা বিধানসভা নিৰ্বাচনত ১,০৩১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে মুঠ এহেজাৰ ৩১ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। হাৰিয়ানা মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালে কৈছে যে এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ১০১গৰাকী মহিলা আৰু ৪৬২ গৰাকী নিৰ্দলীয় প্রার্থী আছে। ৰাজ্যখনত অহা ৫ অক্টোবৰত এটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰ হৈ উঠিছে। ভিন ভিন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিল...