September 5, 2025 12:12 PM

views 49

অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙ কালি বৰাকত উপস্থিত

দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙে কালি বৰাকত উপস্থিত হৈ বদৰপুৰ থানাত শ্ৰীভূমি আৰু হাইলাকান্দি জিলা আৰক্ষীৰ যৌথ পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। সঞ্চালক প্ৰধানগৰাকীয়ে জিলাদুখনৰ আৰক্ষী জোৱানক কাৰ্যক্ষমতা আৰু বিভিন্ন সমস্যাৰ বিষয়ে বুজ লোৱাৰ লগতে জিলা দুখনৰ অপৰাধ আৰু নিৰাপত্তাজনিত বিষয়ৰ সন্দৰ্ভতো আলোচনা কৰে। অসম আৰক্ষী জনসেৱা আৰু সুৰক্ষাৰ স্বাৰ্থত সষ্টম বুলি সভাৰ অন্তত তেওঁ প্ৰকাশ কৰে । আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে আজি কাছাৰ জিলাত আৰক্ষীৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত...

May 20, 2025 1:06 PM

views 44

হৰমিৎ সিঙক আৰক্ষীৰ পূৰ্ণ পৰ্যায়ৰ সঞ্চালকপ্ৰধান নিযুক্তি

হৰমিৎ সিঙক আৰক্ষীৰ পূৰ্ণ পৰ্যায়ৰ সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। পূৰ্বৰ আৰক্ষী সঞ্চালক প্রধান জি পি সিঙৰ বদলিৰ পাছত চৰকাৰে হৰমিৎ সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব প্ৰদান কৰিছিল।