February 22, 2025 9:20 PM

views 40

গাজা যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে ৫জন ইজৰাইলী পনবন্দীক মুকলি হামাছৰ

পেলেষ্টাইনী গোট হামাছে গাজা যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে ৫ জন ইজৰাইলী পনবন্দীক মুকলি কৰি দিছে। ইয়াৰে ভিতৰত ৰাফাহত দুজন আৰু নুছেৰতত তিনিজন পনবন্দীক মুকলি কৰি দিয়া হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজৰাইলে ৬০০ৰো অধিক পেলেষ্টাইনী কয়দী আৰু আটকাধীন লোকক মুকলি কৰি দিবলৈ সাজু হৈছে। ইয়াৰে ভিতৰত ৬০ জন দীর্ঘকালীন শাস্তি ভোগ কৰা আৰু ৫০ জন যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত লোক আছে । ইয়াৰ উপৰি ৪৭ জন এনে লোক আছে যিসকলক ২০১১ চনত মুকলি কৰি দিয়াৰ পাছত ইজৰাইলে গ্ৰেপ্তাৰ কৰিছিল। হামাছে অহা সপ্তাহত আৰু ৪ জন লোকক মু...