September 28, 2026 1:27 PM

views 10

হাইলাকান্দিত চৰকাৰী ভূমিত ২৮টা গৃহহীন পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা

হাইলাকান্দিত শেহতীয়াকৈ দখলমুক্ত কৰা চৰকাৰী ভূমিত ২৮টা গৃহহীন পৰিয়ালক আজি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে। দীর্ঘদিন ধৰি দখল হৈ থকা প্ৰায় ৪ বিঘা চৰকাৰী ভূমি শেহতীয়াকৈ দখলমুক্ত কৰা হৈছিল। পুনৰ সংস্থাপন কৰিবলগীয়া এই ২৮টা পৰিয়ালে নদীৰ খহনীয়া আৰু ভাৰতমালা প্ৰকল্পৰ অধীনত কৰা পথ নিৰ্মাণৰ ফলত নিজৰ ঘৰ বাৰী হেৰুওৱা লগা হৈছিল। পুনৰ সংস্থাপনৰ অপেক্ষাত থকা এই পৰিয়ালসমূহক ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা চৰকাৰী ভূমি আৱণ্টন দি এতিয়া নতুনকৈ বসতি স্থাপনৰ সুযোগ দিয়া হৈছে।