October 3, 2024 12:30 PM

views 30

গুৱাহাটীত ১৮ৰ পৰা ২০ অক্টোবৰলৈ আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা

গুৱাহাটীত অহা ১৮ৰ পৰা ২০ অক্টোবৰলৈ আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অসম মল্লযুঁজ সন্থাৰ কালি গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কাৰ্যালয়ত অনুষ্ঠিত কার্যনির্বাহক সভাত এই বিষয়ে প্রকাশ কৰে। এই সভাতে অসমৰ খেলুৱৈসকলৰ উন্নত প্রশিক্ষণ তথা উদীয়মান মল্লযুঁজাৰুসকলৰ ক্ৰীড়া প্রতিভা বিকাশৰ বাবে কেইবাটাও সিদ্ধান্ত লোৱা হয়। সভাত অসম অলিম্পিক সন্থাৰ ৱ-নির্বাচিত সম্পাদক লক্ষ্য কোঁৱৰক অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷