January 24, 2025 1:07 PM

views 22

ৰাজ্যৰ ফুটবল খেলুৱৈসকলৰ বিকাশৰ বাবে অভিলাষী আঁচনি গ্ৰহণ

গুৱাহাটী ক্রীড়া সন্থাই আসন্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ জৰিয়তে ৰাজ্যৰ ফুটবল খেলুৱৈসকলৰ বিকাশৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনি অনুযায়ী বৰদলৈ ট্ৰফীত উন্নত প্ৰদৰ্শন কৰা ১৯ বছৰ অনুর্ধ খেলুৱৈৰে গঠিত এটা দলক উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণৰ বাবে স্পেইনলৈ প্ৰেৰণ কৰা হ'ব। বি চি চি আইৰ সচিব তথা গুৱাহাটী ক্রীড়া সন্থাৰো দায়িত্বত থকা দেৱজিৎ শ‍ইকীয়াই কালি অসম অলিম্পিক সন্থাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত এই কথা সদৰি কৰে। ৰাজ্যৰ ফুটবল ক্ষেত্ৰখনৰ ভৱিষ্যতক লৈ আশাবাদী শ্ৰী শ‍ইকীয়াই...