February 5, 2025 10:48 AM

views 44

ডিব্ৰুগড়ৰ টিপাম পাহাৰত কয়লাৰ অবৈধ খনন ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালৰ নির্দেশ

ডিব্ৰুগড় জিলাৰ টিপাম পাহাৰত কয়লাৰ অবৈধ খনন ৰোধ কৰাৰ লগতে এই ব্যৱস্থা নিৰীক্ষণ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নির্দেশ দিছে। ৰাজ্য চৰকাৰৰ বন আৰু খনি তথা খনিজাত সামগ্ৰী বিভাগৰ লগতে আৰক্ষী সঞ্চালকপ্রধান, ক'ল ইণ্ডিয়া লিমিটেড আৰু ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগকো অবৈধ খনন ৰোধৰ বাবে চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ঐতিহাসিক দিশৰ পৰা গুৰুত্বপূৰ্ণ টিপাম পাহাৰত কিছু বছৰ পূৰ্বে কয়লাৰ অবৈধ খনন হোৱা বুলি একাংশ সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয...