May 22, 2024 8:19 PM

views 30

গুৱাহাটীৰ ফাঁচীবজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান খাদ্য সুৰক্ষা বিভাগৰ অভিযান, আমৰ নমুনা সংগ্ৰহ

খাদ্য সুৰক্ষা বিভাগে আজি গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান চলায়। জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়াৰ নেতৃত্বত এটা দলে কৃত্ৰিমভাৱে পকোৱা আম বিচাৰি ফাঁচীবজাৰৰ প্ৰায় প্ৰতিখন ফলৰ দোকানত অভিযান চলায়। এই অভিযানত কাৰ্বাইড ব্যৱহাৰ কৰা প্ৰায় এক কুইণ্টল আম দলটোৱে নষ্ট কৰে। তদুপৰি দলটোৱে বিক্ৰী কৰা আমৰ নমুনা সংগ্ৰহ কৰি কাৰ্বাইডৰ উপস্থিতি পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত ৰাজ্যিক নডেল বিষয়া অনিল শর্মাই জনায় যে কাৰ্বাইডৰ পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী প...