July 13, 2026 6:19 PM

views 10

যোৰাবাটৰ ন-মাইল আৰু দহ-মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্রিম বানৰ পাছত আজি অঞ্চলটোত তীব্র যান-জঁটৰ সৃষ্টি

যোৰাবাটৰ ন-মাইল আৰু দহ-মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্রিম বানৰ পাছত আজি অঞ্চলটোত তীব্র যান-জঁটৰ সৃষ্টি হৈছে। দূৰণিলৈ যাবলগীয়া যান-বাহনসমূহ বোকাময় পথত কেইবাঘণ্টা ধৰি আৱদ্ধ হৈ আছে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে কৃত্রিম বানৰ ফলত কালি উজনি উত্তৰ আৰু মধ্য অসমলৈ যাবলগীয়া বহু যাত্ৰীয়ে কালি যাত্রা বাতিল কৰিবলগীয়া হয়। আৰক্ষীয়ে যোৰাবাটেৰে আহিবলগীয়া যান-বাহনৰ দিশো সলনি কৰে। গুৱাহাটী অভিমুখে অহা যান-বাহনসমূহ ডিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰ...