December 16, 2024 12:46 PM

views 25

গুৱাহাটীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰ কাৰ্নভেল উৎসৱ আৰম্ভ

ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশত গুৱাহাটীৰ লাচিত ঘাটত কালি আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰ কাৰ্নিভেল উৎসৱ পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰে। মন্ত্ৰী শ্ৰীদাসে এই উৎসৱৰ শুভাৰম্ভ কৰি কয়, যে মহাবাহু ব্ৰহ্মপুত্ৰ অবিহনে অসমৰ সভ্যতা, সংস্কৃতি আধৰুৱা বুলি ক'ব পাৰি। ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত আয়োজিত এই শীতকালীন মহোৎসৱৰ জৰিয়তে পর্যটকসকলে অসম তথা উত্তৰ-পূবৰ কৃষ্টি-সংস্কৃতিৰ সৈতে চিনাকি হোৱাৰ উপৰি খাদ্য সম্ভাৰৰ সোৱাদ ল'ব পাৰিব। তদুপৰি বিভিন্ন থলুৱা খেল-ধেমালিৰ অভিজ্ঞতাও ল'ব পাৰিব। অহা বছৰৰ ১৫ মাৰ্চত এই উৎসৱৰ...