December 14, 2025 7:56 PM

views 57

গুৱাহাটীৰ খানাপাৰাত অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজি অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰা হয়। ৰাজ্য চৰকাৰৰ গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অহা ২৪ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ অসম গ্রন্থমেলাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তই গ্রন্থমেলাৰ লাইখুঁটা স্থাপন কৰি কয়, যে অসম গ্রন্থমেলা, গুৱাহাটী হৈছে সকলোৰে বাবে হেঁপাহ আৰু সন্মানৰ অনুষ্ঠান আৰু এই গ্রন্থমেলালৈ সকলোৱে অতি আগ্ৰহেৰে বাট চাই থাকে।...